চাইকেল ! চাইকেল !!
সুস্থ শৰীৰ – নিৰ্মল পৰিৱেশ
বিগ্জ্ঞান প্ৰযুক্তিৰ বিপুল উন্নয়ন উত্তৰনৰ যুগত য়ানবাহন বিলাস ক্ৰমান্বয়ে এক পৰম্পৰাত পৰিনত হৈছে। এখন মটৰ চাইকেল, এখন মটৰগাড়ী এতিয়া হৈ পৰিছে একাংশৰ অথবা সিংহভাগৰ সপোন । আন একাংশৰ বাবে এয়া সময়ৰ দাবী; জৰূৰী । কাৰন ২৪ ঘন্টা সময়ে এতিয়া আমাক নাটে। সেয়েহে সময়ক নিজৰ নিয়ন্ত্রণত ৰাখিবলে ; তীব্ৰ প্ৰতিয়োগিতাৰ মাজেৰে সাফল্যৰ অনিৰ্ধাৰিত সুউচ্চ লক্ষ্যত উপনীত হবলৈ অামি সকলোৱে জীৱনৰ গতছ বৰাবলগীয়া হৈছে। কিন্তু এই গতি বৃদ্ধিৰ পৰিণতিত আমাক এক অদৃশ্য দুৰ্ঘটনাই খেদি ফুৰিছে।(পথ দুৰ্ঘটনা অন্য এক প্ৰস্ংগ )।সেয়া হৈছে আমি নজানকৈয়ে আসুস ক্ষয়, জীৱন শৈলীৰ ভবীশ্যত বিসংগতিৰ সমান তৰাল কৈ প্ৰকৃতিয়ে গঢ়ি দিয়া আমাৰ বিনামূলীয়া বাযোপযোগী পৃথিৱীখনৰ আয়ুস ক্ষয়।
ইয়াতে প্ৰশ্ন উপনিত হব পাৰে পৃথিৱীৰ আয়ুসৰ স’তে যানবাহনৰ সম্পৰ্ক কি ? দ্য হাৰ্টে ইয়াৰ উত্তৰত কব খোজে যানবাহনৰ চলাচলৰ ক্ৰমবৰ্ধমান হা্ৰৰ স’তে প্ৰদূষনৰ বিষয়টো ওত:প্ৰোতভাৱে জড়িত হৈ আছে।আৰু প্ৰদূষণ মানেই পৃথিৱীৰ আয়ুখ।পৃথিৱীৰ আয়ূস মানেই জীৱকুলৰ জীৱন সংকট।ইয়াৰ ফলত ইন্ধনৰ ভঁৰাল হেৰুৱাই ক্ৰমাৎ হানি হৈছে পৃথিৱীক প্ৰকৃীতিয়ে দান কৰা সম্ভাৰ।পেট্ৰলজাত সমগ্ৰী কিম্বা তৈল সম্পদ মানুহৰ উদ্বাৱন নহয়, আবিশ্কাৰহে। গতিকে এই সম্পদ আমি অকাৰনত ব্যয় অথবা অব্যৱহাৰ কৰাৰ অধিকাৰ নাই। এই পনিয়া মহামূল্যৱান সম্পদ ব্যৱহাৰত মিতব্যয়িতা অৱলম্বন কৰিলে আমি কেবাটাও কাম একে লগে কৰিব পাৰো। যেনে, ইন্ধন ৰাহি, প্ৰদূষণ ৰোধ, জীৱন অনুকূল বাতাবৰন সৃষ্টি, ৰোগ প্ৰতিৰোধ আৰু আয়ুস বৃদ্বি, প্ৰকৃতি সংৰক্ষন ইত্যাদি।
Ahaa, its nice dialogue about this article here at this website,
I have read all that, so at this time me also commenting at this place.