Skip to main content

theheartassam.org

ডI: চন্দন মোদক 

অনুবাদক: প্ৰশান্ত বৰ্মন

কোভিদ-১৯ (COVID-19) কি?কোৰোণা ভাইৰাছ ৰোগ বা কোভিদ-১৯ (COVID-19) হৈছে SARS-COV-2 নামৰ ভাইৰাছৰ সংক্ৰমনৰ দ্বাৰা হোৱা ৰোগ। ই পোনপ্ৰথমে চিনৰ য়ুহান চহৰত ২০১৯ চনৰ শেষৰভাগত দেখা দিছিল। কিন্তু বহু কমসময়ৰ ভিতৰত সমগ্ৰ বিশ্বতে বিয়পিবলৈ ধৰে।এই ৰোগত আক্ৰান্ত লোকৰ গাত সাধাৰনতে জ্বৰ, কাহ আৰু উশাহ-নিশাহ লোৱাত অসুবিধা হোৱা দেখা যায়। হাওফাওত এই ভাইৰাছৰ সংক্ৰমনৰ ফলত নিউমোনিয়া (pneumonia) হোৱা দেখা যায় আৰু যাৰ ফলত উশাহ-নিশাহ লোৱাত কস্টকৰ হয়।

ই কেনেকৈ বিয়পে? কোৰোণা ভাইৰাছ প্ৰধানত এজন সংক্ৰমিত ব্যক্তিৰ পৰা কাঁহ বা হাচিৰ জৰিয়তে বিয়পে। ইয়াৰ সংক্ৰমন বিয়পিব পাৰে যদিহে কোনো ব্যক্তিয়ে ভাইৰাছ লাগি থকা কোনো পৃষ্ঠ চুই নিজৰ মুখ, নাক বা চকু স্পৰ্শ কৰে।ডক্তৰৰ মতে কোনো বেমাৰৰ লক্ষন নোহোৱা ব্যক্তিৰ পৰাও এই ভাইৰাছ বিয়পিব পাৰে।

কোভিদ-১৯ ৰ লক্ষনবোৰ কি কি?সাধাৰনতে কোনো ব্যক্তি ইয়াৰ দ্বাৰা সংক্ৰমন হ’লে কিছুদিন পিছতহে বেমাৰৰ লক্ষন সমুহ দেখা পোৱা যায়।ইয়াৰ লক্ষন সমুহ:

  • জ্বৰ
  • কাঁহ
  • ভাগৰুৱা অনুভৱ
  • উশাহ-নিশাহত কস্ট
  • গা বিষ

ইয়াৰ বাহিৰেও সংক্ৰমিত ব্যক্তিৰ গাত পানীলগা, মূৰৰ বিষ, ডিঙিৰ বিষ, গোন্ধ অনুভব নকৰা আদি লক্ষন ও দেখা পোৱা যায়। কিছুলোকৰ পেটৰ অসুবিধা যেনে ডায়েৰিয়া, বমিভাব আদি লক্ষন সমুহ পৰিলক্ষিত হয়।

সাধাৰনতে এক দুই সপ্তাহত এই লক্ষন সমুহ ভাল হ’বলৈ ধৰে কিন্তু কিছু লোকৰ ক্ষেত্ৰত কোভিদ-১৯ য়ে কিছু ভয়াবহ সমস্যা যেনে নিউমোনিয়া, হৃদৰোগ আদিৰ সৃস্টি কৰে যাৰ ফলত ৰোগীৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে। জেস্ঠলোকৰ ক্ষেত্ৰত এই অসুবিধা সমুহ বেছিকৈ পৰিলক্ষিত হয়। ইয়াৰ উপৰিও যিসকলে পূৰ্বৰে পৰা হৃদৰোগ, মধুমেহ, হাওফাওৰ সমস্যা বা কেন্সাৰৰ সৈতে যুজি আছে তেওলোকৰ ক্ষেত্ৰতো ই সমস্যাৰ সৃস্টি কৰে।

শিশু সকলকো কোৰোনো ভাইৰাছে আক্ৰমন কৰে যদিও তেওলোকৰ ক্ষেত্ৰত বেমাৰৰ লক্ষন সমুহ কমকৈ পৰিলক্ষিত হয়।

কেনেকৈ কোভিদ-১৯ প্ৰতিৰোধ কৰিব?কিছু বিশেষ নিয়মাবলী মানি চলিলে কোভিদ-১৯ প্ৰতিৰোধ কৰিব পৰা যায়। কোৰোনা ভাইৰাছৰ সংক্ৰমন হ্ৰাস কৰিবলৈ আমি তলত উল্লিখিত পদ্ধতিবোৰ অবলম্বন কৰিব লাগিব।

  • অতি কমেও ২০ চেকেণ্ড চাবোন পানীৰে নিজৰ হাত দুখন সঘনাই ধুৱক যদিহে আপুনি বাহিৰৰ পৰা কোনো লোকৰ সংস্পৰ্শৰ পৰা আহিছে বা কোনো পৃস্ঠ চুই আহিছে। হাত দুখনৰ তলুৱাৰ লগতে তাৰ উপৰিভাগ, গাঠি, আঙুলি, নখ আদিও ভালদৰে ধুৱক। আৰু তাৰ পিছত কোনো পেপাৰ টাৱেলেৰে মুচি তাক পেলাই দিয়ক। ইয়াৰ উপৰিও পানীৰ ব্যাবস্থা নোহোৱা ঠাইত আপুনি ৬০ শতাংশ এলকহল বিশিস্ট চেনিটাইজাৰ ব্যাবহাৰ কৰক।
  • খালি হাতেৰে চকু, মুখ, নাক আদি নুচুব।
  • উপৰোক্ত লক্ষন থকা ব্যক্তিৰ পৰা কমেও ১ মিটাৰ দুৰত্ব বজাই ৰাখক।
  • জনসমাগম পৰিহাৰ কৰি ঘৰতে থাকক।
  • যদিও আপুনি সুস্থ বা কোনো বেমাৰৰ লক্ষন নাই তথাপিও সামাজিক দুৰত্ব বজাই চলক।
  • যিকোনো ধৰনৰ উৎসব, ধৰ্মীয় অনুস্থান, বিবাহ, খেল আদিৰ পৰা বিৰত থাকক।
  • কৰমৰ্দনৰ পৰিবৰ্তে নমস্কাৰ কৰক।
  • যিকোনো ধৰনৰ ভ্ৰমন পৰিহাৰ কৰক।
  • কোনো বেমাৰৰ লক্ষন দেখা দিলে মুখত মাস্ক পৰিধান কৰক আৰু ততালিকে ডক্তৰৰ পৰামৰ্শ লওক।