হৃদৰোগ প্ৰতিৰোধ কৰো আহক
ডাঃ চন্দন মোদক
হৃদযন্ত্ৰৰ কাম কি?
হৃদযন্ত্ৰ আমাৰ শৰীৰৰ মূখ্য অংগ যিয়ে আমাৰ অন্যান্ন সকলো অংগ-প্ৰত্যংগৰ সঠিক পৰিচালনাৰ কাৰণে অতি জৰুৰী অম্লজান(OXYGEN)ৰ যোগান ধৰে। আমি নজনাকৈয়ে আমাৰ জন্মৰ আগৰে পৰাই আমাৰ হৃদপিন্ডই ইয়াৰ সংকোচন সম্প্ৰসাৰনৰ জৰিয়তে অবিৰতভাৱে আমাৰ সমস্ত শৰীৰলৈ ৰক্তসন্চালন প্ৰক্ৰিয়া চলাই ৰাখে- আমাৰ মৃত্যুলৈকে ।
হৃদৰোগ কি ?
হৃদৰোগ হ’ল একাধিক ৰোগৰ সমষ্টি যিবোৰে আমাৰ হৃদযন্ত্ৰক আক্ৰমণ কৰি ইয়াৰ সঠিক কৰ্মপ্ৰক্ৰিয়াত ব্যঘাত জন্মায়। যেনে-
- ‘ৰিউমেটিক হাৰ্ট ডিজিজ’ ( Rheumatic Valvular Heart Disease) অথবা ভাল্ভৰ বেমাৰ,
- ‘কোৰোনাৰী আৰটাৰী ডিজিজ'(Coronary Artery Disease) অথবা হৃদযন্ত্ৰৰ তেজৰ নলীকাৰ বেমাৰ,
- ‘হাৰ্ট এটেক’ (Heart Attack),
- হাৰ্ট ফেইলাৰ’ (Heart Failure),
- হাৰ্ট ব্লক’ (Heart Block)
‘ৰিউমেটিক হাৰ্ট ডিজিজ’ – ভাল্ভৰ বেমাৰ
- এবিধ বেক্টেৰিয়াৰ আক্ৰমণৰ ফলত হৃদযন্ত্ৰৰ ভাল্ভ ক্ষতিগ্ৰস্ত হয় আৰু আমি হৃদৰোগত আক্ৰান্ত হৈ পৰো।
- বেছিভাগ ৰোগীৰ ক্ষেত্ৰতে শ্বাস-প্ৰস্বাসৰ কষ্ট, অনবৰত বুকুৰ ধপধপনি, কাঁহ, ভৰি ফুলা ইত্যাদি লক্ষ্যণবোৰে দেখা দিয়ে।
- এই ৰোগ আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ মাজতে বেছিকে দেখিবলে পোৱা যায়।
- এই ৰোগৰ পৰা হাত সৰাৰ একমাত্ৰ উপায় হৈছে্ সাধাৰণ কাঁহ জ্বৰ হ’লেও ডাক্তৰৰ পৰামৰ্শ লৈ এন্টিবায়টিক খোৱা যাতে বীজাণুবিধে হৃদযন্ত্ৰক আক্ৰাণ্ত কৰিব নোৱাৰে।
‘কোৰোনাৰী আৰটাৰী ডিজিজ’ অথবা হৃদযন্ত্ৰৰ তেজৰ নলীকাৰ বেমাৰ
- তেজৰ নলীকা কিছুমানে হৃদপিন্ডৰ পেশীক অম্লজান আৰু খাদ্যৰ যোগান ধৰে।
- আমাৰ শৰী্ৰৰ ক্ষতিকাৰক মেদৰ (CHOLESTEROL) পৰিমাণ বাঢ়িলে তেজৰ নলীকাবোৰত এই মেদ জমা হয় (ATHEROSCLEROSIS) আৰু নলীবো্ৰ ব্যাসাৰ্ধ কমি যায়।
- এই নলীবো্ৰ যদি আংশিকভাৱে বন্ধ হয় তেতিয়া মানুহৰ বুকুৰ বিষ (ANGINA) হয়।কামৰ লগত, খোজৰ লগত এই বিষ বাঢ়ি যায় আৰু আৰাম কৰিলে কমি যায়।
‘হাৰ্ট এটেক’ (Heart Attack)
- এই নলীবো্ৰ যদি সম্পূৰ্ণৰূপে বন্ধ হয় তেতিয়া বহুত গুৰুতৰ বেমাৰ- ‘হাৰ্ট এটেক’ হোৱা বুলি কোৱা হয়।
- বেছিভাগ ৰোগীৰ ক্ষেত্ৰতে প্ৰচন্ড বুকুৰ বিষ হয়, বাঁও হাতৰ বিষ, বুকুত হেচা মাৰি ধৰে, ঘামি যায়, মৰি যোৱাৰ ভয় হয়।
- শ্বাস-প্ৰস্বাসৰ কষ্ট, বুকুৰ ধপধপনি ইত্যাদি লক্ষ্যণবোৰে দেখা দিয়ে।



‘হাৰ্ট ফেইলাৰ’ -Heart Failure
হৃদযন্ত্ৰৰ পেশীৰ দুৰ্বলতাৰ ফলত ইয়াৰ সংকোচন শক্তি হ্ৰাস পায়।
লক্ষ্যণসমূহ:
- দুৰ্বলতা, খোজ কাঢ়িলে শ্বাস-প্ৰস্বাসৰ কষ্ট,
- ভৰি ফুলা, পেট ফুলা,
- শ্বাস-প্ৰস্বাসৰ কষ্টত ৰাতি শুব নোৱাৰা হোৱা,
- ৰাতি কাঁহি থকা
- বুকুৰ ধপধপনি
‘হাৰ্ট ব্লক’ (Heart Block)
হৃদযন্ত্ৰৰ গতি হ্ৰাস পালে মানুহ মুৰ্ছা যায়।
লক্ষ্যণসমূহ:
- ভাল মানুহ এজন হঠাতে মুৰ্ছা যোৱা,
- হঠাতে মূৰটো বেয়া লগা আৰু পৰি যোৱাৰ উপক্ৰম হোৱা,
- দুৰ্বলতা,
- ভৰি ফুলা
হৃদৰোগৰ পৰা হাতসৰাৰ উপায় আছেনে?
- আছে।।
- উচ্চ ৰক্ত চাপ নিয়ন্ত্ৰণ কৰক–প্ৰতিদিনে দৰৱ খাওক, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ডাক্তৰৰ পৰামৰ্শ লওক ।
- ডায়েবেটিছ দূৰাৰোগ্য ব্যধি-ইয়াক নিয়ন্ত্ৰণ কৰক, প্ৰতিদিনে দৰৱ খাওক, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ডাক্তৰৰ পৰামৰ্শ লওক ।
- জীৱন শৈলী উন্নত কৰক–নিতৌ অন্ততঃ ৪৫ মিনিট সময় শৰীৰ চৰ্চা কৰক- দৌৰক, চাইকেল চলাওক বা সাতোৰক ।
- তেলুক মাংস, গাখীৰৰ মাখন, ঘী, কনীৰ কুহুম আদি হৃদৰোগৰ শত্ৰু-আজিয়ে বৰ্জন কৰক ।
- সতেজ সেউজীয়া শাক-পাচলি, ফল-মূল বেছিকৈ খাওক।



